![]()
ছাইদুল ইছলাম
ডিফু : অসম-মিজোৰাম সীমা সংঘাতৰ পিছতেই এইবাৰ কাৰবি আংলং জিলাৰ সীমান্তত থকা অসম-নাগালেণ্ড আৰু মেঘালয়ৰ সীমাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ অসমৰ সীমামূৰীয়া ৰাজ্য মিজোৰামৰ সৈতে সংঘটিত হোৱা সীমা সংঘাতৰ পৰিণতিত কালি মিজো দুৰ্বৃত্তৰ গুলীত কেইবাগৰাকী অসম আৰক্ষীৰ লোক হতাহত হোৱাৰ ঘটনাই ৰাজ্যজুৰি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সূচনা হোৱাৰ সময়তে কাৰবি আংলং জিলাৰ গাতে লাগি থকা নাগালেণ্ড আৰু মেঘালয়ৰ সীমান্তকলৈও সতৰ্ক হ’বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ মংবে’ ৰংপিয়ে ৷
আজি ডিফুত এক সংবাদমেল আয়োজন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, কাৰবি কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলা দুখন নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে সংলগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত যাতে কোনো কাৰণতে এই জিলা দুখনৰ সীমান্ত এলেকাত মিজোৰাম সদৃশ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় ৷
আনহাতে অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ ঘটনাক কঠোৰ ভাষাত গৰিহণা দি ডাঃ ৰংপিয়ে এনডিএৰ অংশীদাৰ দলৰ চৰকাৰ থকাৰ লগতে নেডাৰ অন্তৰ্ভূক্ত দলৰ চৰকাৰ দুয়োখন ৰাজ্যৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনাত গভীৰ আচৰ্য প্ৰকাশ কৰে ৷ এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে সংঘৰ্ষত নিহতসকললৈ শ্ৰদ্ধাঞ্জলী জনায় ৷












