নিউজ ডেস্কঃ
চিকিৎসা বিজ্ঞান পঢ়াৰ ক্ষেত্রত বৃহৎ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰৰ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে ঘোষণা কৰিলে, মেডিকেল পঢ়াৰ ক্ষেত্রত এতিয়াৰে পৰা ২৭ শতাংশ আসন সংৰক্ষিত থাকিব অনগ্রসৰ শ্রেণীৰ বাবে। ইয়াৰ উপৰি আর্থিকভাবে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে থাকিব ১০ শতাংশ সংৰক্ষণ। সমগ্ৰ দেশত সংৰক্ষণ প্রকল্পৰ মাধ্যমত এই বিষয়টো বাস্তৱায়িত কৰা হ’ব বুলি প্রধানমন্ত্রীয়ে জনাইছে। এই বছৰৰ নামভর্তিৰ ক্ষেত্রতো এই সংৰক্ষণৰ নিয়ম কার্যকৰী কৰা হ’ব। স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ শিক্ষাৰ্থীসকলৰ নামভর্তি, দন্ত চিকিৎসাৰ ক্ষেত্রতো এই নিয়ম কার্যকৰী হ’ব।
চৰকাৰী সূত্রৰ দাবী, এমবিবিএছৰ ক্ষেত্রত প্রায় ১৫০০ অনগ্রসৰ শ্রেণীৰ (ওবিচি) শিক্ষাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ২৫০০ অনগ্রসৰ শ্রেণীভুক্ত শিক্ষাৰ্থী ইয়াৰ ফলত লাভৱান হ’ব।
প্রধানমন্ত্রীয়ে টুইটাৰত লিখিছে, ‘বর্তমান শিক্ষাবর্ষৰ পৰাই অনগ্রসৰ শ্রেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ আৰু আর্থিকভাবে পিছপৰা শ্রেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰা হৈছে। এই সিদ্ধান্তই দেশৰ যুৱ সমাজৰ হাজাৰ হাজাৰ প্রতিনিধিক সাহস যোগাব। সামাজিক ন্যায়ৰ এক সামগ্রিক ছবি দাঙি ধৰিব বিশ্বৰ আগত।’