নিউজ ডেস্কঃ
টকিঅ’ অলিম্পিকত ব্রঞ্জ নিশ্চিত লাভলীনা বৰগোঁহাইৰ। কিন্তু তাতেই থমকি ৰ’বলৈ ৰাজী নহয় তেওঁ। ভাৰতীয় বক্সাৰগৰাকীয়ে বিচাৰিছে সোণৰ পদক। ছেমি ফাইনালত প্ৰৱেশ কৰি সেই কথাই জনালে তেওঁ।
শুক্রবাৰে চীনা টাইপেইৰ চেন নিয়েন-চিনক ৪-১ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই। কোৱার্টাৰ ফাইনেলত জয়ী হৈ পদক নিশ্চিত কৰিলে তেওঁ। ছেমি ফাইনেলত প্ৰৱেশ কৰি লাভলীনাই কয়, ‘‘কোৱার্টাৰ ফাইনেলত জয়ী হৈ আত্মবিশ্বাস বাঢ়িছে। এইবাৰ ছেমি ফাইনেলত জয়ী হোৱাই লক্ষ্য। চেষ্টা কৰিম আৰু ভাল খেলিবলৈ। ভাৰতৰ বাবে সোণৰ পদক জয়ী কৰিব বিচাৰোঁ। সেইটোৱে মোৰ প্ৰকৃত লক্ষ্য।’’
উল্লেখ্য, বক্সিঙত ভাৰতলৈ প্রথম পদকটি আহিছিল বিজেন্দ্র সিঙৰ জৰিয়তে। ৯ বছৰ পিছত পুনৰ বক্সিঙত পদক আহিল দেশলৈ। মেৰি কমৰ পিছত দ্বিতীয়গৰাকী মহিলা বক্সাৰ হিচাবে ভাৰতক পদক দিলে লাভলীনাই।