ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীক বৰ্বোৰচিত হত্যাকাণ্ডৰ পিছত আজি অসম আৰু নাগালেণ্ডৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ কাৰ্বি আংলঙৰ বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক।
মিজোৰামৰ লগত সীমাকেন্দ্ৰিক ঘটনাৰ পিছতে অসম নাগালেণ্ডৰ সীমান্তৰ বিষয়ে আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল।
বৈঠকত দুয়োখন ৰাজ্যৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ আৰু সীমাক লৈ আলোচনা হয় ৷
বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক, গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্তৰ লগতে নাগালেণ্ডৰ আৰক্ষী আয়ুক্ত, উপায়ুক্ত আৰু আৰক্ষী বিষয়াসকল।
মিজোৰামৰ দৰে অসম-নাগালেণ্ড সীমান্তত ভৱিষ্যতে যাতে কোনো অঘটন নঘটে তাক লৈ আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী বিষয়াসকল।