ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সংস্কৃতি নগৰী বোকাখাতত এতিয়া প্ৰস্ফুটিত হৈছে নাট বসন্ত সম্ভাৰ। যোৱা ১১ চেপ্তেম্বৰৰ সন্ধিয়া বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ নিবেদনত বিশিষ্ট নাট্যকাৰ পৰিচালক ৰফিকুল হোচেইনৰ পৰিচালনাৰে মঞ্চস্থ হ’ব লগীয়া নাট “সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ”ৰ শুভমহুৰত অনুষ্ঠিত হৈ যায়।

আগন্তুক অক্টোবৰ মাহৰ শেষৰ ফালে ৰূপজ্যোতি সংঘৰ উনবিংশতিতম নিবেদনত মঞ্চস্থ হ’ব লগীয়া নাটখনিৰ ৰচনা উত্তৰ ভাৰতৰ শক্তিশালী নাট্যকাৰ সুৰেন্দ্ৰ বাৰ্মাৰ আৰু অসমীয়ালৈ অনুবাদ কৰিছে নাট্যকাৰ দ্বিজেন্দ্ৰ নাথ শৰ্মাই।

বিশিষ্ট নাট্যকৰ্মী, বোকাখাত নাট্যমন্দিৰৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে আৰু নাট মুকলি কৰে “নেত্ৰকাই” খ্যাত অসমীয়া সৰুপৰ্দা-চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট নাট্যকৰ্মী বোকাখাত সন্তান অৰুণ হাজৰিকাই।
সভাত নাট্যকাৰ পৰিচালক তথা সাম্প্ৰতিক সময়ৰ অসমৰ স্বনামধন্য কবি ৰফিকুল হোচেইন আৰু বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, প্ৰবীণ নাট্যকৰ্মী হৰি বৰঠাকুৰৰ লগতে বিশিষ্ট নাট্যকৰ্মী সকল ক্ৰমে পৱন শৰ্মা, অমৰ কাকতি, পবিত্ৰ ৰাজখোৱা, মৃদুল শইকীয়া, জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশিষ্ট সমাজকৰ্মী ক্ৰমে মহাবীৰ আগৰৱালা, কেশৱ উপাধ্যায়, সঞ্জীৱ শৰ্মা আৰু জিতু শইকীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ আৰু নাট সমালোচক অজন্তা তালুকদাৰ আদিয়ে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত আৰু উপস্থিত থাকে বিশিষ্ট নাট্যকৰ্মী বিমান বৰুৱা আৰু বিশিষ্ট ব্যক্তি সকল ক্ৰমে নাট্যকাৰ-কবি অমৰ শৰ্মা, সাংস্কৃতিক কৰ্মী বীৰেণ দাস, নাট্যকৰ্মীদ্বয় নিৰজমনি বৰা, নৱজ্যোতি বৰা আৰু দুলাল ডেকা, সাংবাদিক সকল ক্ৰমে পলিমা চেতিয়া বসুমতাৰী, দিব্যজোতি হাজৰিকা, প্ৰাঞ্জল হাজৰিকা, প্ৰদীপ হাজৰিকা আৰু ৰোমান বৰুৱাকে আদি, শাস্ত্ৰীয় সংগীত শিল্পী ৰূপা হাজৰিকা, কবি পপী শইকীয়া, নৱ প্ৰজন্মৰ নাট্যকৰ্মী দীপ ঠাকুৰীয়া, সুস্মিতা কালিন্দী, অবিনাশ শৰ্মা, অভিলাষ বৰবৰা, দোলন বাহেককে আদি কৰি বোকাখাত নাট্যমন্দিৰ আৰু ৰূপজ্যোতি সংঘৰ সমূহ বিষয় ববীয়া, সদস্য আৰু বহুসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিমান বৰুৱাই।













