ASSAM TIMES POST
গুৱাহাটীঃ নাৰী সৱলীকৰণৰ দিশত মাইলৰ খুঁটি স্থাপন কৰি দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে শেহতীয়াভাৱে এটি সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে।
কেন্দ্ৰীয় চৰকাৰে সন্মানীয় পদ্ম সন্মানৰ বাবে মনোনয়ন আহ্বান জনোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়া মন্ত্ৰণালয়ে পুৰুষ খেলুৱৈৰ সলনি মুঠ ৯গৰাকী মহিলা খেলুৱৈৰ নাম এই সন্মানৰ অৰ্থে প্ৰেৰণ কৰিলে।
ইয়াতকৈয়ো গুৰুত্বপূৰ্ণ কথা এয়ে যে মণিপুৰৰ ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ নাম দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰ কাৰণে প্ৰেৰণ কৰা হৈছে।
এয়া কেৱল উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতেই প্ৰথম নহয় বৰঞ্চ পদ্মবিভূষণৰ কাৰণে প্ৰথমবাৰলৈ এগৰাকী মহিলা খেলুৱৈৰ নাম প্ৰেৰণ কৰিছে ক্ৰীড়া মন্ত্ৰণালয়ে।













