ASSAM TIMES POST
গুৱাহাটীঃ আগন্তুক গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ বিষয়বস্তু হৈছে স্বচ্ছতা অথবা অহিংসা নীতি। প্ৰতিযোগিতাখনিত যোগদানৰ অন্তিম তাৰিখ হৈছে ২৫ ছেপ্টেম্বৰ (সন্ধিয়া ৬.২৫ বজাৰ পূৰ্বে)।
ইয়াত বিজয়ী প্ৰতিযোগীসকলক অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ যুক্ত একোখনি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। প্ৰতিযোগীসকলে তেওঁলোকৰ অংকিত চিত্ৰ স্কেন কৰি assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব। ইয়াৰ আকাৰ ১০ এমবিতকৈ কম হ’ব লাগিব।
প্ৰতিযোগীসকলে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব। প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী আৰু বয়স উল্লেখ কৰাটো বাধ্যতামূলক। এগৰাকী প্ৰতিযোগীৰপৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব।













