ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ জাজৰি বগুৰিগুৰিত স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ উত্থাপিত হৈছে ৷ স্বামী বিপ্লৱ দেউৰীয়ে যৌতুকৰ দাবীত পত্নী দীপাঞ্জলি দেউৰীক মৰিয়াই, ডিঙি চেপি হত্যা কৰাৰ অভিযোগ আনিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।
প্ৰায় চাৰি বছৰ পূৰ্বে একে গাঁৱৰে বিপ্লৱ দেউৰীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল দীপাঞ্জলি দেউৰী ৷ জানিব পৰা মতে, বিবাহৰ এবছৰলৈকে দুয়োৰে সংসাৰ সুখে শান্তিৰে চলিছিল যদিও পৰৱৰ্তী সময়ত স্বামী বিপ্লৱে যৌতুক দাবী কৰি দীপাঞ্জলিৰ ওপৰত অত্যাচাৰ চলায়৷

কিন্তু দীপাঞ্জলিৰ দৰিদ্ৰ পৰিয়ালটোৱে সেই দাবী পূৰণ কৰিবলৈ অসমৰ্থ হোৱাৰ বাবেই দিন যোৱাৰ লগে লগে স্বামী বিপ্লৱৰ অত্যাচাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে ৷ বিপ্লৱৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে বুধবাৰে নিশা স্বামী গৃহৰ বাৰান্দাত দীপাঞ্জলিৰ মৃতদেহ উদ্ধাৰ হয় ।
অভিযোগ মতে বুধবাৰে নিশা স্বামী বিপ্লৱে যৌতুকৰ দাবীত পত্নী দীপাঞ্জলিৰ ওপৰত অমানুষিক শাৰীৰিক নিৰ্যাতন চলাই ঘৰৰ বাৰান্দাত পেলাই থয় ৷ ইপিনে দীপাঞ্জলিৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিব পৰি নিশাই স্বামী বিপ্লৱৰ ঘৰত উপস্থিত হয় যদিও পৰিয়ালৰ লোকে দীপাঞ্জলিক ঘৰৰ বাৰান্দাত মৃত অৱস্থাতহে উদ্ধাৰ কৰে ।
আনহাতে দীপাঞ্জলিৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে দীপাঞ্জলিক স্বামীয়ে হত্যা কৰা বুলি জাজৰি থানাত এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ দীপাঞ্জলিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ লগতে দীপাঞ্জলিক হত্যাৰ অভিযোগত স্বামী বিপ্লৱ দেউৰীক আটক কৰে ৷
ইপিনে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই আজি এক প্ৰতিবাদী সমদল উলিয়াই জাজৰি থানা ঘেৰাও কৰি দীপাঞ্জলিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ৷













