ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপৰ পৰা এজন যুৱকক লক্ষাধিক টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বৰপেটা জিলাৰ ভাটকুচিৰ আমিৰ খান ৷ প্ৰাপ্ত খবৰ মতে, নগাঁও চহৰৰ ইটাচালি আৰু নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয় মৃগেন শইকীয়া আৰু গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চহৰখনৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপৰ এখন হোটেলত অতৰ্কিতে অভিযান চলাই যুৱকজনক ২৮ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে ৷
যুবক জনে হোটেলখনত ভাত খাবলৈ সোমাইছিল ৷ যুৱকজনৰ পৰা আৰক্ষীয়ে দুশ খালী কন্টেইনাৰো জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে যুৱকজনে হেৰ’ইনখিনি নগাঁৱত কোনো লোকক বিক্ৰী কৰিবলৈ আনিছিল ৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনক সোধপোছ কৰি আছে ৷













