ASSAM TIMES POST
বেবেজীয়াৰ পৰা দেৱব্ৰত বৰাঃ
নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু ৰাইডঙীয়া চক্ৰৰ সহযোগত বুধবাৰে নাহৰহতীয়া দেউৰীচুক অংগণবাদী কেন্দ্ৰৰ প্ৰাঙ্গনত বিশুদ্ধ খোৱা পানী, মাতৃ অমৃত আৰু শিশুৰ প্ৰথম আহাৰৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়।
নিতুল বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে খাগৰিজান মণ্ডলৰ প্ৰকল্প বিষয়া তৰুণ সন্দিকৈ, ৰাইডঙীয়া চক্ৰৰ মুখ্য সেৱিকা ৰুবি ৰাণী বৰাকে ধৰি কুৰি গৰাকী সেৱিকা আৰু অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে৷













