ষ্টাফ ৰিপ’ৰ্টাৰ:
আছাম ৰাইফলচৰ নামত অনিয়মেৰে ব্যৱসায়ত জড়িত হৈ থকা একাংশ ব্যৱসায়ী ইতিমধ্যে আৰক্ষী জালত পৰিছে। শেহতীয়াকৈ যোৰহাট আৰক্ষীয়ে আটক কৰিছে ভুৱা আছাম ৰাইফলচৰ গেং মেম্বাৰ। এইবাৰ নগাঁৱৰ ইটাচালীৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা আছাম ৰাইফলচৰ গেং মেম্বাৰ ধ্ৰুৱজ্যোতি শৰ্মাক। আনহাতে, ভুৱা মেম্বাৰ ধ্ৰুৱজ্যোতিৰ পৰা আৰক্ষীয়ে জব্দ কৰে আছাম ৰাইফলচৰ নাম ফলক লিখি ৰখা এখন বিলাসী হেক্টৰ গাড়ী।
যোৱা ২৭ তাৰিখে আটক হোৱা আন চাৰিজন অভিযুক্তৰ পৰাও যোৰহাট আৰক্ষীয়ে জব্দ কৰিছিল আসাম ৰাইফলচৰ গাড়ীৰ দৰে এখন ৰং দিয়া ট্ৰাক। জানিব পৰা মতে, উক্ত চাৰি গৰাকী দুগৰাকীয়ে আসাম ৰাইফলচ পোচাক পৰিধান কৰি আছিল।
এই কেইজন ভুৱা আছাম ৰাইফলছৰ গেং মেম্বাৰক জেৰা কৰাৰ অন্তত যোৰহাট আৰক্ষীয়ে দেওবাৰে লামডিংৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰূপম মজুমদাৰ নামৰ এটা স্বয়ম্ভু হাবিলদাৰক।
ইয়াৰ পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে নগাঁৱৰ ইটাচালীৰ পৰা সোমবাৰে ধ্ৰুৱজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটানৰ লগত জড়িত আৰু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এক উচ্চ স্তৰৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।