![]()
অজন্তা তালুকদাৰ
বোকাখাত : ৩ চেপ্তেম্বৰ দিনটোত ৰাজ্যজুৰি উদযাপন কৰা অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বোকাখাত জে.ডি. এছ.জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, প্ৰবীন ক্ৰীড়াবিদ, ক্ৰীড়া লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ সদস্য সুবোধ বৰাই তিনিখন শিক্ষানুষ্ঠানলৈ ক্ৰীড়া আৰু প্ৰাথমিক চিকিৎসা সামগ্ৰী আগবঢ়ায় ৷ শিক্ষানুষ্ঠান কেইখন হ’ল ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়, নেহৰু প্ৰাথমিক বিদ্যালয় আৰু ডিফলুপথাৰ প্ৰাথমিক বিদ্যালয় ৷
উল্লেখ্য যে ২০১৮ চনৰ গুণোৎসৱত এই তিনিওখন শিক্ষানুষ্ঠানত অধ্যাপকগৰাকীয়ে পৰ্যবেক্ষকৰূপে দায়িত্ব পালন কৰিছিল আৰু তেতিয়াৰে পৰা তেখেত শিক্ষানুষ্ঠান কেইখনৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ আহিছে ৷ বিগত সময়ছোৱাত তেখেতে শিক্ষানুষ্ঠান কেইখনত চেনিটাইজ কৰা, প্ৰতি বৰ্ষতে ক্ৰীড়া সামগ্ৰী প্ৰদান কৰা, আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক সহায় কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা আদি কাৰ্য সম্পাদন কৰি আহিছে ৷ আনকি গুণোৎসৱৰ দায়িত্ব পালনৰ বাবে চৰকাৰে আগবঢ়োৱা মাননিও অধ্যাপকগৰাকীয়ে গ্ৰহণ কৰা নাছিল ৷ শিক্ষানুষ্ঠাকেইখনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে তেখেতৰ এই বদান্যতাৰ শলাগ লৈছে ৷













