![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ পূৱ উদালিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বন মাফিয়াৰ আক্ৰোশৰ বলি আঞ্জাৰুল হক নামৰ এগৰাকী নিৰীহ যুৱক।
অভিযোগ অনুসৰি যোৱা বৃহস্পতিবাৰে লংকা আঞ্চলিক বন কাৰ্যালয়ৰ এটা দলে লামডিং বনাঞ্চলত অবৈধ্য চোৰাং কাঠ কটা সামগ্ৰী আৰু চাইকেল জব্দ কৰি লংকা বন কাৰ্যালয়লৈ লৈ যায়। কিন্তু তাৎপৰ্য বিষয় যে এই সমগ্ৰ ঘটনাৰ ওপৰত সন্দেহ কৰি বন মাফিয়াৰ এটা দলে অতৰ্কিতে আঞ্জাৰুল হক নামৰ এগৰাকী স্থানীয় যুৱকৰ ওপৰত আক্ৰমণ কৰে।
ইতিমধ্যে ঘটনা সক্ৰান্তত আঞ্জাৰুলে উদালী আৰক্ষী পহৰাচকীত আব্দুল চালাম, মন্নাছ আলি, ছাহাবুদ্দিন, আবু কাচেম, ইকবাল হোছেইন আৰু বাহাৰুল ইছলাম নামৰ ছজন লোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে যদিও পৰবৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ সেয়া লক্ষ্যনীয় হ’ব।












