![]()
অজন্তা তালুকদাৰ
বোকাখাত : ইটোৰ পাছত সিটো বিতৰ্ক আৰু অভিযোগেৰে সংবাদ শীৰ্ষত স্থান পাইছে বৰ্তমান বোকাখাতৰ এখন ব্যক্তিগত চিকিৎসালয়ে। বোকাখাতৰ “স্বেতা-সংগীতা হেল্থ কেয়াৰ” নামৰ চিকিৎসালয়খনৰ ভুল ৰিপোৰ্টে বাৰম্বাৰ ৰোগী আৰু অভিভাৱকক বিপদত পেলোৱাৰ লগতে গৰ্ভস্থ সন্তানৰ মৃত্যু ঘটোৱা, গৰ্ভ ধাৰণৰ তিনিমাহৰ পাছতে প্ৰসৱৰ ভুল তাৰিখ দিয়া ৰিপোৰ্টেৰে ৰোগীক ভিতিগ্ৰস্ত কৰি কষ্টোপাৰ্জিত ধন অবাবত খৰছ কৰাৰ লগতে ৰোগীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনি প্ৰতি দিনে নতুন নতুন বিতৰ্কত সোমাই পৰিছে চিকিৎসালয়খন।
এইবাৰ চিকিৎসালয়খনৰ ভুল ৰিপৰ্টৰ বলি হ’ল আন এগৰাকী সন্তান সম্ভৱা মহিলাই। হেৰুৱালে দুটিকৈ জমজ গৰ্ভস্থ সন্তান। এনে এক ঘটনাই সংঘটিত হৈছে বোকাখাতৰ “স্বেতা-সংগীতা হেল্থ কেয়াৰ” নামৰ এটা ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত। দুৰ্ভগীয়া গৰ্ভৱতী মহিলাগৰাকীৰ নাম মঞ্জুলা পেগু, স্বামী মুনিন্দ্ৰ পেগু, ঘৰ বোকাখাতৰ বালিজান গাঁৱত। সন্তান সম্ভৱা মহিলাগৰাকীয়ে গৰ্ভ পৰীক্ষা কৰাইছিল বোকাখাতৰ “স্বেতা-সংগীতা হেল্থ কেয়াৰ” নামৰ এটি ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত।
বিগত ১৮ আগষ্টত মহিলা গৰাকীৰ গৰ্ভ পৰীক্ষাৰ অন্তত ডাক্টৰ এ. এম. দাস স্বাক্ষৰিত ৰিপৰ্টত দিয়া হ’ল গৰ্ভত এটি সন্তান আৰু অত্যাধিক পানী আছে আৰু লগতে পৰামৰ্শ দিয়া হ’ল উন্নত চিকিৎসাৰ। লগে লগেই “স্বেতা-সংগীতা হেল্থ কেয়াৰ”-ৰ ৰিপৰ্ট চায়েই বোকাখাত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ পৰা পৰামৰ্শ আহিল গৰ্ভপাতৰ। লক্ষণীয়ভাৱে শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা নিজাকৈ কৰোৱা নহ’ল মহিলাগৰাকীৰ গৰ্ভ পৰীক্ষা। এইবাৰ মহিলাগৰাকীক গৰ্ভপাতৰ বাবে ভৰ্তি কৰোৱা হ’ল যোৰহাট মেডিকেল কলেজ হাস্পিটালত।
প্ৰথম অৱস্থাত ইয়াতো চিকিৎসকে মহিলা গৰাকীৰ গৰ্ভ পৰীক্ষা নকৰালে। “স্বেতা-সংগীতা হেল্থ কেয়াৰ”ৰ ৰিপৰ্ট মতেই লোৱা হ’ল গৰ্ভপাতৰ ব্যৱস্থা। কিন্তু যোৰহাট মেডিকেল কলেজ হস্পিটেলত গৰ্ভপাতৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ পাছতো মহিলাগৰাকীৰ স্বাস্থ্য সাজু হৈ নুঠাত নতুনকৈ আল্ট্ৰা চাউণ্ড কৰোৱাত উৰহি গছৰ ওৰ ওলাই পৰে। অৰ্থাৎ “স্বেতা-সংগীতা হেল্থ কেয়াৰে” দিয়া ৰিপৰ্টক ভুল প্ৰমানিত কৰি মহিলাগৰাকীৰ গৰ্ভত ওলাল দুটিকৈ মৃত শিশুৰ অৱস্থিতি।
ইফালে পেটত অত্যাধিক পানী জমা হৈ হোৱাৰ সমস্যাও নোলাল। যাৰ বাবে দুৰ্ভগীয়া মহিলা গৰাকী সাজু হৈছিল গৰ্ভপাতৰ বাবে। কিন্তু তেতিয়ালৈ দুটিকৈ গৰ্ভস্থ সন্তানক গৰ্ভপাত কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল চিকিৎসকে।
এনেদৰেই এগৰাকী দুৰ্ভগীয়া মহিলাই “স্বেতা-সংগীতা হেল্থ কেয়াৰ”ৰ ভুল ৰিপৰ্টৰ বাবেই গৰ্ভতে হেৰুৱাব লগীয়া হ’ল দুটিকৈ গৰ্ভজাত সন্তান। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে “স্বেতা-সংগীতা হেল্থ কেয়াৰৰ” ভুল ৰিপৰ্টৰ বলি হৈ সুকন্যা ঠেঙাল গগৈ নামৰ আন এগৰাকী গৰ্ভৱতী মহিলাই ইতিমধ্যেই বোকাখাতৰ মহকুমাধিপতিক দাখিল কৰিছিল স্মাৰক পত্ৰ।
গতিকে স্বাভাৱিকতেই প্ৰশ্ন হয়, “স্বেতা-সংগীতা হেল্থ কেয়াৰ”ৰ ভুল ৰিপৰ্টৰ বাবে বাৰে বাৰে বলি হৈ থাকিব লাগিব নেকি সাধাৰণ লোক? নিৰ্ভৰযোগ্য সূত্ৰ মতে ইতিপূৰ্বে ভুল ৰিপোৰ্টৰ বলি হোৱা সুকন্যা ঠেঙাল নামৰ মহিলা গৰাকীয়ে বোকাখাতৰ মহকুমাধিপতিক দিয়া অভিযোগৰ ভিত্তিত স্বেতা সংগীতা হেল্থ কেয়াৰৰ অনুমতি পত্ৰ কিয় বাতিল কৰা নহ’ব সেই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। এতিয়া ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উঠিছে সচেতন মহলত।













