![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
‘সোমবাৰৰ পৰা প্ৰত্যেক চৰকাৰীৰ কাৰ্যালয়, শিক্ষানুষ্ঠানে প্ৰৱেশদ্বাৰৰ সন্মুখত ভেকচিন লোৱাৰ জাননী লগাব লাগিব। ভেকচিন নোলোৱা কোনো কাৰ্যালয় আৰু শিক্ষানুষ্ঠান ভিতৰত থাকিব নোৱাৰিব’- ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। একে নিয়ম পালন কৰিব লাগিব বে-চৰকাৰীৰ অনুষ্ঠান-কাৰ্যালয়সমূহে। ব্যৱসায়ীসকলে নিজ প্ৰতিষ্ঠানৰ সন্মুখত ভেকচিন গ্ৰহণ কৰা বুলি ঘোষণা কৰি পোষ্টা লগাব লাগিব। শনিবাৰে গুৱাহাটীত এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই।
উল্লেখ যে কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত লগাই ৰখাৰ ঘোষণা ভিত্তিত চেক কৰিব। কোনোৱে যদি মিছাকৈ লোৱাৰ বুলি ঘোষণা কৰি থৈ দিয়ে তাৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। জিলা উপায়ুক্তসকলক ইয়াৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে- মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে, ৰাজ্যত অভাৱ নাই ভেকিচিনৰ। স্বাস্থ্য বিভাগৰ হাতত পয্যাপ্ত ভেকচিন আছে। বৰ্তমান ২৫ লাখ ভেকচিন মজুত আছে।
গুৰুত্বপূৰ্ণ ভেকচিন নোলোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰি ধৰা পৰিল চীল হ’ব প্ৰতিষ্ঠানখন। একেদৰে চৰকাৰী কৰ্মচাৰী দৰমহা পয্যন্ত কৰ্তন হ’ব। এই কথা স্পষ্টকৈ ঘোষণা কৰে মহন্তই।
ইফালে, ১৮ বছৰৰ তলৰ সকলে ভেকচিন গ্ৰহণ নকৰিলেও আহিব পাৰিব বিদ্যালয়।













