ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৫৪২গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৯৪৬২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৪২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৭জন কামৰূপ মেট্ৰ’ৰ, ৪৭জন বৰপেটাৰ, ৩০জন গোলাঘাটৰ আৰু ২৭জন শোণিতপুৰৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৮ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ১০ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬৩৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৯৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯১৬৫৯জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫০৫৬জন ৰোগী।
Summary of 04/9/2021
Today’s Total 542
Overall Positivity Percentage (542 cases out of 79,462 test done = 0.68%)
Kamrup(M) 107
Death 10
Recovery Rate 97.96%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 4, 2021