![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : “নগাঁৱত কনিষ্ঠ মহাবিদ্যালয় বুলিলে আজিও কলংপাৰ বিদ্যাপীঠৰ কথাহে মনলৈ আহে । এতিয়া বিভিন্ন শিক্ষানুষ্ঠানৰ জন্ম হৈছে, কিন্তু গুণগত মানেৰে কলংপাৰ বিদ্যাপীঠ জনমানসত সদায় উজ্বলি আছে ।” – নগাঁৱৰ প্ৰথমখন কনিষ্ঠ মহাবিদ্যালয় কলংপাৰ বিদ্যাপীঠত আয়োজিত শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শিক্ষক দিৱসত এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক মহেন্দ্ৰ আহোমৰ । একাধিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আহোমে গুণগত মান থকা শিক্ষকে সমাজক উত্তৰণৰ পথেৰে আগবঢ়াই নিব পাৰে বুলিও মন্তব্য দিয়ে । পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যাপক গিৰীন্দ্ৰকুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° খগেশ্বৰ ভূঞাই কয় যে আদৰ্শ শিক্ষকে মানুহ গঢ়িব পাৰে । কিন্তু তাৰ বাবে সমাজ আৰু চৰকাৰে শিক্ষকসকলক সদায় প্ৰেৰণা দিব লাগে ।
আনহাতে অলপতে হোৱা শিক্ষকৰ পদ প্ৰাদেশীকৰণ অতিশয় প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য দিও ড° ভূঞাই কয় যে প্ৰাদেশীকৰণৰ নামত একাংশ শিক্ষকক নিৰুৎসাহিত কৰা হৈছে। পঁচিশ-ত্ৰিশ বছৰে শিক্ষাদানৰ নামত কেৱল ত্যাগ কৰি অহা শিক্ষকসকলক শেহতীয়া প্ৰাদেশীকৰণ নীতিয়ে সমমৰ্যাদা প্ৰদান কৰা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে । শিক্ষাবিদজনে এইক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় । শিক্ষক দিৱসৰ সম্বৰ্ধনা গ্ৰহণ কৰি যোৰহাট উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ অধ্যক্ষ তথা সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱগোস্বামীয়ে কয় যে আদৰ্শ শিক্ষকসকলে গোটেই জীৱন মানুহ গঢ়িবলৈ গৈ বহু কষ্ট আৰু ত্যাগ কৰিলে । কিন্তু বহুতেই জীৱনত অৰ্থ, সন্মান একোৱেই নাপালে ।
এইক্ষেত্ৰত সমাজে যেতিয়া অৱসৰী শিক্ষকক কেতিয়াবা মনত পেলায় বা শ্ৰদ্ধা জনায়, তেতিয়া শিক্ষকসকলে পুনৰ জীৱন লাভ কৰে । কলংপাৰ বিদ্যাপীঠে যোৱা পঁচিশটা বছৰে অসমৰ শিক্ষাক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাতে নিজক সীমাবদ্ধ কৰি ৰখা নাই, সামাজিক দায়বদ্ধতাও পালন কৰিছে বুলি গোস্বামীয়ে মন্তব্য দিয়ে। কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান শিক্ষক পদুম ৰাজখোৱাই আঁত ধৰা আকৰ্ষণীয় অনুষ্ঠানত বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ বৰা, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণাপ্ৰকাশ বৰা, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সুৰেন মহন্ত, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ চৰিফ উদ্দিন আহমেদ, ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক নবীনচন্দ্ৰ গোস্বামী, হাতীচুং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক হিৰণ্ময়ী দেৱী, মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক লিলি সন্দিকৈ, ৰহা মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বিনু লস্কৰ ঠাকুৰীয়া, হয়বৰগাঁও শিশু বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপাল সৰকাৰ, জৰাবাৰীৰ প্ৰাক্তন শিক্ষক ক্ষীৰোদ পাতৰ, আঠগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সোণাৰাম শইকীয়া, শিক্ষক কৃষ্ণকানাই ভূঞা আদিয়েও সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে আৰু শিক্ষকৰ ত্যাগভৰা জীৱনৰ বিভিন্ন কথা আলোকপাত কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষক, সমাজসেৱী আৰু একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত শিক্ষাক্ষেত্ৰ আৰু সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা প্ৰাক্তন অধ্যক্ষ বিমল বৰা, ৰত্নকান্ত দেৱনাথ, অজন্তা বৰদলৈ, ৰামকুমাৰ ভট্টাচাৰ্য, তৰুণচন্দ্ৰ দাস, গুৰুমুখ সিং, প্ৰাক্তন শিক্ষক তথা সত্ৰাধিকাৰ যুগলচন্দ্ৰ দেৱগোস্বামী, উমা মেধি, হৰকান্ত নাথ, পুলিন হাজৰিকা সম্বনিতে জিলাখনৰ মুঠ একুৰি পাঁচগৰাকী বৰেণ্য বৰ্ষীয়ান শিক্ষকক শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সন্মানস্বৰূপে সম্বৰ্ধনা জনোৱা হয়। বয়স আৰু বিভিন্ন অসুবিধাৰ কাৰণে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা প্ৰাক্তন অধ্যক্ষ বাপন বৰুৱা, প্ৰাক্তন শিক্ষক শুভেন্দু দাসগুপ্ত আৰু প্ৰাক্তন অধ্যাপক কল্পনা হাজৰিকা গায়নক ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা হ’ব বুলি অধ্যক্ষই সভাত প্ৰকাশ কৰে।
উল্লেখ্য শিক্ষক দিৱসৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ সম্বনিতে শিক্ষকসকলক গামোচা আৰু একোটি কলমেৰে সন্মান জনায় । অনুষ্ঠানৰ আঁত ধৰে দ্বিতীয় বৰ্ষৰ ছাত্ৰী হৰ্ষিতা দাসে । লগতে শিক্ষকসকলৰ এখন সুদৃশ্য ছবিও উপহাৰ দিয়ে ।
শিক্ষক সন্মানৰ পিছতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাপতি গিৰীন্দ্ৰকুমাৰ বৰুৱাই । মাল্যাপৰ্ণ কৰে প্ৰাক্তন ৰেক্টৰ তথা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰত্নকান্ত দেৱনাথ আৰু প্ৰাক্তন অধ্যক্ষ অমৰজিৎ গোস্বামীয়ে । স্মৃতি তৰ্পণৰ পিছতে শিক্ষক স্মৰণ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামী, প্ৰাক্তন অধ্যক্ষ হৰেশ্বৰ বৰুৱা , প্ৰদীপ শইকীয়া, হেমকান্ত শৰ্মা, প্ৰাক্তন অধ্যাপক ধীৰেন বৰদলৈ, হীৰেন শইকীয়া, পুষ্প বৰা, নৰেন শইকীয়া, খগেন বৰা, বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষক দেৱাশীষ দাস, ৰীতা দাস বৰদলৈ আৰু হৰবিন্দৰ সিঙৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিৱেদন কৰা হয়।












