ষ্টাফ ৰিপ’ৰ্টাৰ
ড্ৰাগছৰ বাবে গুৱাহাটীত ভয়ংকৰ ঘটনা। তিনি ড্ৰাগছ আসক্তৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত ব্যৱসায়ী । গীটানগৰ মোজাহিদ আলি নামৰ ব্যৱসায়ী গৰাকী সম্প্ৰতি চিকিৎসাধীন। আক্ৰমণকাৰী ৩ জন জিংকুমণি শৰ্মা, জিতুমনি শৰ্মা আৰু অকুৰ শৰ্মা। উল্লেখ আক্ৰমণকাৰী তিনিও সম্পৰ্কত ভাতৃ।
উল্লেখ যে গীটানগৰ কেজিএমটি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যৱসায়ী দেহত ৪৪টা চিলাই পৰা বুলি জানিব পৰা গৈছে।
তাপৰ্যপূৰ্ণ ড্ৰাগছৰ বাবেই আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ। দেওবাৰে সন্ধিয়াৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ লোৱা সময়তে সংঘটিত কৰে আক্ৰমণ। খবৰ মতে ধনদাবী কৰিছিল ব্যৱসায়ী গৰাকীক। বিচৰা হিচাপত ধন নোপোৱাত দাৰে ঘপিয়াই।