![]()
বিশেষ প্ৰতিনিধিঃ
ডিফু : কাৰবি আংলং জিলাৰ বোকাজানত সোমবাৰে পুৱাই দুটা মৃতদেহ উদ্বাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি পুৱাই ৰাইজে প্ৰত্যক্ষ কৰে দুটাকৈ মৃতদেহ আৰু তাৰ পিছত খবৰ দিয়ে আৰক্ষীক ।
বোকাজানৰ নামবৰ বাগানৰ মাজত দুটা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই এতিয়া সমগ্ৰ বাগানখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
মৃতদেহ দুটাৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ ।
মহিলাগৰাকী ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰি মিৰা কুর্মী বুলি জানিবলৈ দিছে। আনহাতে পুৰুষজনৰ চিনাক্ত এতিয়া পৰ্যন্ত হোৱা নাই ।
মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও গাঁওবাসীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে , কোনো লোকৰ মতে এয়া হত্যা কৰা হৈছে আৰু আনসকলৰ মতে নিজেই বিহ পান কৰি আত্মহত্যা কৰিছে । সমগ্ৰ ৰহস্য আৰক্ষীৰ তদন্তৰ পিছত হে ৰহস্য ভেদ হ’ব ।












