![]()
নিউজ ডেস্কঃ
গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকীয়নী বিষয়াসকলক।
চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা হৈ থকা দম-দম মাটি ফাইলক লৈ মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰে বিষয়াসকলক। বিশেষ কামৰূপ(ম) আৰু গ্ৰাম্যত মাটি বিক্রীৰ প্ৰমাণ পত্ৰৰ আৱেদনসমূহ দমে-দমে পৰি থকা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অহা ৬ অক্টোবৰৰ ভিতৰত ফাইলসমূহ সম্পূৰ্ণ কৰক।
চক্ৰ বিষয়াক সকীয়নীদি মুখ্যমন্ত্ৰী শৰ্মাই কয়-বুধবাৰে কাৰ্যালয় গৈ প্ৰথম দালাল কেইটাক গামোচা পিন্ধাই বিদায় দিয়ক। অন্যথা মই হাত দিব লাগিলে বেয়া হ’ব। দালাল সম্পূৰ্ণ বন্ধ হ’ব লাগিব’। সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী।
উল্লেখ সন্মিলনত উপস্থিত থাকে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, মুখ্য সচিব জিষ্ণু বৰুৱা।













