![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কইনাধৰাৰ অসম চুক্তিৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৈঠক সমাপ্ত। দুয়োপক্ষই বৈঠকক সৌহাদ্যপূৰ্ণ আখ্যা। আছু সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যসহ মুঠ ৪১গৰাকীকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পিযুষ হাজৰিকা উপৰিও বহুকেইজন মন্ত্ৰী উপস্থিত থাকে।
অসম চুক্তি, বান-গৰাখহনীয়া, সীমা সমস্যা অন্যান্য দফাসমূহ ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত কৰা বাবে চৰকাৰ-আছু প্ৰতিনিধিয়ে গঠন হ’ব ৮জনীয়া কমিটি। আছু ৫গৰাকী আৰু চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী কমিটীত অন্তৰ্ভুক্ত হ’ব। কমিটীয়ে তিনিমাহ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। উক্ত প্ৰতিবেদনৰ ভিত্তি অসম চুক্তি লগতে অন্যান্য বিষয়সমূহ সমাধান ব্যৱস্থা কৰা হ’ব। মন্ত্ৰী অতুল বৰাই বৈঠকৰ অন্তত এই কথা অৱগত কৰে।
উল্লেখ বৈঠকত আছু নেতৃত্বই চুক্তি ৰূপায়ণৰ দিহা-পৰামৰ্শ আগবঢ়াই। চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।
আছুৱে অসম চুক্তি ৬নং দফা ৰূপায়ণ, কা’ বাতিল সন্দৰ্ভত মম্তৱ্য বৈঠকত কৰিছিল নেকি বুলি মন্ত্ৰী বৰাক সাংবাদিকে কৰা প্ৰশ্নত কয়- আলোচনা সৌহাদ্যপূৰ্ণ, কোনো বিতৰ্কিত বিষয়ৰ ওপৰত আলোচনা হোৱা নাই। মূলত অসম চুক্তি ৬, ৭, ৯ আৰু ১০নং দফাৰ কাৰ্যকৰী সন্দৰ্ভত হৈছে আলোচনা ।
আনহাতে, বৈঠকৰ অন্তত আছুৰ নেতৃত্বই কয়- স্পষ্ট স্থায়ী মীমাংসা লাগে। ফলাফলে আমাক আৰু ৰাইজক আশ্বস্ত কৰাৰ আহ্বান চৰকাৰক।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সোঁৱৰণত ৭টা প্ৰস্তাৱ চৰকাৰক আগবঢ়াই আছু নেতৃত্বই। ৰাজ্যৰ ৩খন বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ নামত আসন সংৰক্ষণ কৰা, সমাধিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা, সুধাকণ্ঠৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত, গুৱাহাটী ৰেল ষ্টেচন তেওঁৰ নামত নামাকৰণ অন্যতম। এইকথা অৱগত কৰে আছু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
উল্লেখ ২০০৫ চনত অসম চুক্তি সন্দৰ্ভত অন্তিমবাৰ মুখ্যমন্ত্ৰীৰ পয্যায়ত বৈঠক অনুষ্ঠিত হৈছিল।













