![]()
বিশেষ প্ৰতিনিধিঃ
নিমাতীঘাটত ভয়ংকৰ ফেৰা দুৰ্ঘটনা৷ এই শোকাৱহ ফেৰী দুৰ্ঘটনাটোত কমেও ১৪৬ জন লোক ব্ৰহ্মপুত্ৰত ডুবি যোৱা বুলি প্ৰাৰম্ভিক খবৰত প্ৰকাশ৷ লগতে ফেৰীখনত থকা ৪২ খন দুচকীয়া বাহন আৰু ৬ খন চাৰিচকীয়া বাহনো দুব যায়৷ অৱশ্যে এছডিআৰএফে ততাতৈয়াকৈ আৰম্ভ কৰা উদ্ধাৰ কাৰ্যত ৪১ জনক উদ্ধাৰ কৰিব পৰা বুলি খবৰ৷ আইটিডব্লিউৰ সূত্ৰমতে, মা কমলা নামৰ এখন ফেৰী যোৰহাটৰ পৰা মাজুলীলৈ গৈ থকা অৱস্থাত যোৰহাট অভিমুখী টিপকাই নামৰ ফেৰীখনৰ লগত মুখামুখী সংঘৰ্ষ হয়৷ ফলত ২০০ৰো অধিক যাত্ৰী দুৰ্ঘটনাত পতিত হয়৷ ইতিমধ্যে যুদ্ধগতিত উদ্ধাৰকাৰ্য আৰম্ভ হৈছে৷ উদ্ধাৰকাৰ্য তদাৰক কৰিবৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে
যোৰহাট প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ডিআইজি। ইফালে যোৰহাট জিলাৰ নীমতীঘাটৰ ওচৰৰ দাইনী গাঁৱৰ ওচৰত এখন ফেৰী সাজু কৰি ৰখা হৈছে৷
আনহাতে, নিমাতীঘাটৰ সমীপত সংঘটিত এই শোকাৱহ ফেৰী দুৰ্ঘটনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
এনডিআৰএফ আৰু এছডিআৰএফৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনক নিৰ্দেশ দিছে।
লগতে ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিশে পৰিস্থিতি নিৰীক্ষণৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ নিজেও নিমাতীঘাটত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে প্ৰাণহানিৰ কোনো তথ্য হাতত পৰা নাই৷












