![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যোৰহাট-মাজুলীৰ ভয়াৱহ নাও দুৰ্ঘটনাত শোকাৱহ মৃত্যু প্ৰৱক্তা পৰিমিতা দাস। ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা আছিল মৃত পৰিমিতা। গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ প্ৰৱক্তাগৰাকীৰ।

উল্লেখ মহাবিদ্যালয় খোলাৰ বাবে ঘৰৰ পৰা গৈছিল পৰিমিতা। ২৫ বছৰীয়া পৰিমিতাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।
ইফালে, ভয়াৱহ দুৰ্ঘটনা সংঘটিত নাওখনত কিমান যাত্ৰী আছিল তাৰো সঠিক তথ্য নাই। উদ্ধাৰ অভিযান অব্যাহত আছে দুৰ্ঘটনাস্থলীত।













