![]()
নিউজ ডেস্কঃ
যোৰহাট-মাজুলী মাজত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ সঠিক তদন্ত দাবী শিল্পী জুবিন গাৰ্গৰ। সামাজিক মাধ্যমত জুবিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় -‘সকলো কুশলে থাকক।আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক।এনেকুৱা কিয় হ’বলৈ পালে তাৰ উচিত বিচাৰ হওঁক’।

নিজৰ ফেচবুকত আৰু তেওঁ কয়- মাজুলী মোৰ প্ৰিয় ঠাই, মই আছোঁ সদায় লগত।
উল্লেখ বুধবাৰে যোৰহাট-মাজুলী মাজত দুখন নাও দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত প্ৰৱক্তা পৰিমিতা দাস মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন যাত্ৰী।













