![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিমাতিঘাটৰ নাও দুৰ্ঘটনাস্থলীত উপস্থিত বিধায়ক অখিল গগৈ । ‘ৰাইজৰ দল’ৰ বহুকেইজন শীর্ষ নেতৃত্বৰ সৈতে সভাপতি গগৈ উপস্থিত হয় দুৰ্ঘটনাস্থলীত।
‘দুবাৰকৈ দলঙৰ আধাশিলা স্থাপন কৰাৰ পাছতো দলং নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিব নোৱাৰটো দুৰ্ভাগ্যজনক। দলঙৰ অভাৱৰ বাবে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল সেইয়া নিশ্চিত’- গগৈয়ে কয়।
ইফালে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুৰৱস্থাৰ কথা দুৰ্ঘটনাটোৱে প্ৰমাণ কৰিলে। সৌভাগ্যক্ৰমে এনে ঘটনা আগতে ঘটা নাই। যিকোনো সময়ত এইধৰণৰ ঘটনা সংঘটিত হ’ব পৰা কৈ ব্যৱস্থা কৰি ৰাখিছে চৰকাৰে।ব্ৰহ্মপুত্ৰৰ সকলো ঘাটৰ নাওসমূহ আওপুৰণি, লেচী দৌৰাতম্য আৰু নিৰাপত্তা ব্যৱস্থা নাই – শিৱসাগৰৰ বিধায়ক গগৈয়ে কয়।
চৰকাৰক গৰিহণা প্ৰদান ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়- ঘটনাই চৰকাৰৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিছে। ল’ৰা ধেমালি বন্ধ কৰি প্ৰত্যেকতো ঘাটত অত্যাধুনিক ব্যৱস্থাৰ গঢ়ি তুলিব লাগে’।
অত্যাধুনিক জাহাজ ক্ৰয় কৰিও নচলোৱা সন্দৰ্ভত কয়- ৰ-ৰ, ৰ-পেক্স জাহাজ চৰকাৰে পইচা খোৱাৰ আঁচনি। ক্ৰয় কৰি কমিচন খালে। লেচিৰ লগত বুজাবুজিৰে অত্যাধুনিক জাহাজসমূহ চলাচল নকৰি ফুলদানী দৰে সজাই থৈছে।
উন্নয়নৰ ঢাক-ঢোল কোবাই থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক তীক্ষ্ণ ভাষাৰে কটাক্ষ কৰে বিধায়ক গগৈয়ে।
পুৰণিকলীয়া নাওসমূহ সম্পূণকৈ চীল কৰা লগতে চৰকাৰী জাহাজ চলোৱা দাবী জনায় গগৈয়ে।













