![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বুধবাৰে নিমাতিঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাক অত্যান্ত বেদনাদায়ক আখ্যা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভৱিষ্যতৰ দিনত এনেকুৱা ঘটনাৰ পুনৰ যাতে সংঘটিত নহয় তাৰ বাবে অত্যন্ত সজাগ-সচেতন হোৱাৰ আহ্বান প্ৰাক্তন মাজুলীৰ বিধায়কগৰাকীৰ।
উল্লেখ যে, মাজুলী পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল।
‘মাজুলীৰ ৰাইজে বাৰম্বাৰ নিস্তাৰে সঠিক কথা কৈ আহিছে দলংখন শীঘ্ৰে নিৰ্মাণ হ’ব লাগে, আমিও বিচাৰো দলংখন সময়মতে নিৰ্মাণ হৈ উঠাটো। কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ যৌথ প্ৰচেষ্টাত কম সময়ৰ ভিতৰত দলংখন নিৰ্মাণৰ বাবে চেষ্টা কৰা হ’ব’- সোণোৱালে কয়।
ইফালে নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ শুকুৰবাৰে মাজুলীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হ’ব বুলি তেওঁ কয়।
‘মাজুলীৰ দলঙৰ কাম সম্পূৰ্ণ কৰিমেই। নিষ্ঠাৰে লাগিছো অন্যান্য দলঙত কৈ সোনকালে কাম হ’ব মাজুলী দলং – আশ্বাস সোণোৱাল।
‘মোৰ মাজুলী ৰাইজৰ প্ৰতি বিশেষ দায়িত্ব আছে। মাজুলী ৰাইজে যি মৰম-চেনেহ, আন্তৰিকতা দিছে তাক কেতিয়াও পাহৰিব নোৱাৰোঁ’ – সোণোৱালে কয়।













