![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী কাটিমাৰীস্থ ৩৪নং চিআৰপিএফ বাহিনীৰ কেম্পত সংঘটিত এক গুলী চালনাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় । চিআৰপিএফ বাহিনীটোৰ দুই জোৱানৰ মাজত আজি পুৱা সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত বিজয় কুমাৰ মিশ্ৰ নামৰ এজন জোৱান নিহত হোৱাৰ লগতে প্ৰাঞ্জল দত্ত নামৰ আন এগৰাকী জোৱান আহত হয়।
জানিব পৰা মতে, অস্ত্ৰাগাৰত নিজৰ জিম্মাত থকা অস্ত্ৰ জমা দিয়াক লৈ বিজয় মিশ্ৰ নামৰ জোৱানজন আৰু অস্ত্ৰাগাৰৰ দায়িত্বত থকা প্ৰাঞ্জল দত্ত নামৰ চিআৰপিএফ বাহিনীটোৰ আন এগৰাকী জোৱানৰ মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। পিছত বিজয় মিশ্ৰ নামৰ জোৱানজনে প্ৰাঞ্জল দত্তলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত প্ৰাঞ্জল দত্তৰ ভৰিত গুলী লাগে।
ইয়াৰ পিছতে নিজৰ ইনছাৰ্জ ৰাইফলৰে বিজয় মিশ্ৰই নিজৰ মূৰত গুলী কৰি আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে । আনহাতে আহত প্ৰাঞ্জল দত্তক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰা হয়। আহত প্ৰাঞ্জল দত্তৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত চিআৰপিএফৰ আইজিপি পৰ্য্যায়ৰ বিষয়াৰ লগতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে চিআৰপিএফৰ এই কেম্পটোত আন এক অনুৰূপ ঘটনা সংঘটিত হৈছিল।













