![]()
মনোজ কুমাৰ পাঠক:
লংকা : লংকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ।ৰাজপথতে শুই দিলে ছাত্ৰ-ছাত্ৰী সকলে।
হোজাই জিলা প্ৰশাসন হায়… হায়….,অসম চৰকাৰ হায়..,ছেবা হায়.. হায়… ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ।
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৰি মহাবিদ্যালয়ত নাম ভৰ্তি কৰি দিয়াৰ দাবীৰে তীব্ৰ প্ৰতিবাদ হোজাই জিলাৰ ছাত্ৰ ছাত্ৰী সকলৰ।
পথ অবৰোধৰ ফলত তীব্ৰ জান যতৰ সৃষ্টি হয় ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত।পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী জপিয়াই পৰিল ছাত্ৰ-ছাত্ৰীৰ ওপৰত।পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীৰ লাঠি চালনা ছাত্ৰ-ছাত্ৰীৰ ওপৰত।লাঠি চাৰ্জৰ ফলত কেইবাজনো ছাত্ৰ-ছাত্ৰী আহত হয়।












