![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিমাতীঘাটৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰা মৃতদেহ উদ্ধাৰ। বিশ্বনাথৰ লুইতৰ বুকুত সাহসী পুত্ৰৰ নশ্বৰদেহ উদ্ধাৰ পাছতে পিতৃয়ে কয়- ‘তিনি-চাৰিদিন শুব পৰা নাই। কিন্তু আজি ফাইনেল ৰিজাল্ট পাই অলপ সান্তনা লভিছোঁ। কাৰণ সাহসেৰে তাক সত্কাৰ কৰিবলৈ পাম। ঈশ্বৰে তাকে মিলাই দিলে’।
আনহাতে, পুত্র সোঁৱৰণ কৰি তেওঁ কয়- ‘শিশুকাল পৰা ল’ৰাৰ স্বভাৱ- চৰিত্ৰ নম্ৰ। পিতৃ-মাতৃৰ প্ৰতি যথেষ্ঠ ভক্তি। কোনো কথা নোকোৱাকৈ সি নিজেই অনুভৱ কৰে, মোৰ সুখৰ বাবে যিমানখিনি পাৰে সি কৰে’।
‘মই যোগ্য পুত্ৰ জন্ম দিলোঁ। নিজৰ দেহটো কাৰণে সি চিন্তা নকৰিলে। তাৰ বাবে মই গৰ্বিত’- বৃদ্ধা পিতৃয়ে এইদৰে কয়।
‘মোক ঘৰত সকলো কথা নকয়। কাৰণ মই কব নোৱাৰা হৈ যাওঁ বুলি।আজি পুৱা মৃতদেহ পোৱা কথাও জনোৱা নাছিল।ওচৰৰ চুবুৰীয়াই হৎকাৰলৈ যা-যোগা কৰোতে গম পোৱা বুলি উল্লেখ কৰি পিতৃয়ে কয়- ‘মই আজি গৰ্বিত।সমাজৰ শিশুসকলক জ্ঞান দিয়া উপৰিও ভৱিষ্যত প্ৰজন্মৰ বাবে উদাহৰণ ৰাখি থৈ গৈছে। নিজক তুচ্ছ কৰি আনক উদ্ধাৰ বাবে গৈ মৃত্যু হৈছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সি অমৰ হওঁক, আত্মাই শান্তি পাওঁক’।
আনহাতে, ঘটনা সংঘটিত ৪টা দিন হৈ যোৱা পাছতো প্ৰশাসনৰ ফালৰ পৰা সান্তনা বাণী দিবলৈ কোনো আহি নাপালে। সেই কথাত অলপ দুখ পাইছোঁ- আবেগিক হৈ এইদৰে কয় পিতৃয়ে।
উল্লেখ যে, আজি বিশ্বনাথত পুৱা উদ্ধাৰ হৈছে ইন্দ্ৰেশ্বৰ বৰা নশ্বৰ দেহ। মৰোণোত্তৰ পৰীক্ষা অন্তত লখিমপুৰ নাওঁবৈছাৰ ঘৰখনলৈ নিয়া হ’ব।













