ষ্টাফ ৰিপ’ৰ্টাৰ
শিখ ধৰ্মৰ পবিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ ৪১৭ সংখ্যক প্ৰকাশ উৎসৱ সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বৰকলাতো উদযাপন কৰা হয় ৷ বৰকলা শিখ সংগতৰ উদ্যোগত তিনি দিনিয়া ধৰ্মীয় কাৰ্যসুচীৰে আৰম্ভ কৰা অখণ্ড পাঠৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমীয়া শিখ সন্থা, অসমৰ সভাপতি ৰাজবীৰ সিঙে ৷
পুৱাৰে পৰা বিভিন্ন গুৰুদ্বাৰৰ জ্ঞানীসকলৰ চবদ-কীৰ্তনৰে মুখৰিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰকলা শিখ সংগতৰ সভাপতি গুৰমুখ সিঙে প্ৰকাশ উৎসৱ সম্বন্ধে বিস্তৃতভাৱে ব্যাখ্যা কৰে ৷ প্ৰকাশ উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন সাংসদ তথা ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোঁহায়ে শিখ ধৰ্মীয় লোকসকলৰ শলাগ লোৱাৰ লগতে তেওঁৰ বিভাগৰ সকলো প্ৰকাৰৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
আনহাতে অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙে ২০০৫ চনৰ পৰা বৰকলাৰ তিনিওটা গুৰুদ্বাৰৰ ৰাইজ একত্ৰিত হৈ শিখ সংগতৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে প্ৰকাশ উৎসৱ পালন কৰি অহা কাৰ্যক প্ৰশংসা কৰে ৷