![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে এজন আৰক্ষী কনিষ্টবলৰ পৰা উৎকোচ লৈ হাতে-লোটে ধৰা পৰা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয় । উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ মহিলা কৰ্মচাৰীগৰাকী হৈছে কনিষ্ঠ গাণনিক সহায়ক খুচবু হৰলালকা। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আৰক্ষী কনিষ্টবল নবীন বৰাৰ জিপিএফৰ ধনৰ এখন বিল নগাঁও কোষাগাৰৰ পৰা পাছ কৰি দিয়াৰ বাবদ কনিষ্ঠ গাণনিক সহায়ক খুচবু হৰলালকাই আজি কনিষ্টবল বৰাৰ পৰা এহেজাৰ টকা উৎকোচ বিচাৰে।
আনহাতে আৰক্ষী কনিষ্টবল বৰাই বিষয়টো নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রক অৱগত কৰে। তেতিয়া আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তাৎক্ষণিকভাৱে এক কৌশল ৰচনা কৰে আৰু অসামৰিক পোছাকত যোৱা আৰক্ষীয়ে নগাঁও কোষাগাৰৰ মহিলা কৰ্মচাৰী খুচবু হৰলালকাই কনিষ্টবল বৰাৰ পৰা উৎকোচৰ বাবদ দুখন পাঁচশ টকাৰ নোট লোৱা সমগ্ৰ দৃশ্যাংশ সংগোপনে কেমেৰাত বন্দী কৰি ৰাখে। আৰক্ষী কনিষ্টবল বৰাৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে মহিলা কৰ্মচাৰী খুচবু হৰলালকাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰে। আৰক্ষীৰ পোছাকত থকা এজন কনিষ্টবলৰ পৰা নগাঁও কোষাগাৰৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে এনেদৰে উৎকোচ বিচৰা কাৰ্যত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আশ্চৰ্য প্ৰকাশ কৰি কয় যে এজন আৰক্ষীৰ পৰা উৎকোচ বিচাৰিবলৈ কুন্ঠাবোধ নকৰা এনে ধৰণৰ কৰ্মচাৰীয়ে সমগ্ৰ বিভাগটোক কলুষিত কৰিছে। এনে দুৰ্নীতিপৰায়ন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, ৰাজ্যৰ কোষাগাৰসমূহৰ একাংশ কৰ্মচাৰীয়ে বিভিন্ন সময়ত চৰকাৰী কৰ্মচাৰী অথবা ঠিকাদাৰক উৎকোচ বিচৰাৰ অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বেও উৎকোচ লৈ হাতে-লোটে কোষাগাৰৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে। একেদৰে নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ বিৰুদ্ধেও প্ৰায়েই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে।













