![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা পৰিস্থিতিৰ বাবে বিগত প্ৰায় ছমাহ ধৰি ৰাজ্যত বন্ধ থকা দশম শ্রেণীৰ পাঠদান পুনৰ আৰম্ভ কৰা সিদ্ধান্ত হিমন্ত কেবিনেটৰ। ২০ ছেপ্টেম্বৰ পৰা দশম শ্রেণী পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। স্বাস্থ্য বিভাগে ৰাজ্য শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেবিনেটে এই সিদ্ধান্ত লোৱা বুলি পেগুৱে কয়।
উল্লেখ দ্বাদশ, স্নাতক চুড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ পাঠদানৰ নীতি-নিৰ্দেশনা প্ৰায় একেই হ’ব দশম শ্রেণী আৰম্ভ কৰাৰ ক্ষেত্ৰতো। সবিশেষ শিক্ষা বিভাগে প্ৰকাশ কৰিব এছঅপি।
প্ৰতিটো শ্রেণীকোঠাত সৰ্বাধিক ৩০ গৰাকীৰ ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান আৰম্ভ কৰা নিৰ্দেশ। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি হ’লে শাখাৰ ভিত্তিত শ্রেণী বিভক্ত কৰি লোৱা আহ্বান শিক্ষা বিভাগৰ। পাঠদান আৰম্ভৰ পূৰ্বে বিদ্যালয়সমূহৰ শ্রেণীকোঠা চাফ-চিকুণ, চেনিটাইজেছন আদি বিদ্যালয় কৰ্তৃপক্ষক আৰম্ভ কৰা নিৰ্দেশ শিক্ষামন্ত্ৰী।
আনহাতে অন্য শ্রেণীসমূহৰ ছাত্ৰ- ছাত্ৰী, অভিভাৱক সাজু হৈ থকা আহ্বান শিক্ষামন্ত্ৰী। দশম শ্রেণীৰ পাঠদান ৭-১০ দিন পয্যবেক্ষণ কৰি পয্যায়ক্ৰমে অন্য শ্ৰেণীৰ পাঠদানসমূহ আৰম্ভ হ’ব বুলি পেগুৱে কয়।
উল্লেখ ক’ৰনাই পাঠদান ব্যাহত কৰাৰ পৰিপ্ৰেক্ষিতত দশম শ্রেণীৰ ৪০ শতাংশ ছিলেবাছ ছেৱাই হ্ৰাস কৰিছে।













