![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত স্বাভাৱিকভাৱে মৃত্যু হোৱা গড়ৰ খৰ্গ সংৰক্ষণ নকৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে বৰ্তমান জমা হৈ থকা গড়ৰ খৰ্গসমূহ জ্বলাই দিয়াত অনুমতি বন বিভাগক।
উল্লেখ সমগ্ৰ অসমত মুঠ ২৬২৩টা খৰ্গ জমা হৈ আছে। তাৰে ২৪৭৯টা খৰ্গ জ্বলাই দিব বন বিভাগে। ৫০টা ন্যায়ালয়ত গোচৰ চলি থকা বাবে ৰখাৰ বিপৰীতে ৯৪টা সংৰক্ষণৰ বাবে ৰাখিব বন বিভাগে-কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
উল্লেখ কেবিনেটৰ সিদ্ধান্ত অনুসৰি কাজিৰঙাত প্ৰাকৃতিক ইতিহাস সংগ্রাহালয় নিৰ্মাণ কৰি তাত ৰখা হ’ব সংৰক্ষণ হ’ব লগা ৯৪টা খৰ্গ।
পূৰ্বতে স্বাভাৱিক মৃত্যু বা অন্য যি কোনো কাৰণত মৃত্যু হোৱা গঁড়ৰ খৰ্গ সংগ্ৰহ কৰি টেজাৰীট জমা ৰাখিছিল বন বিভাগে।













