![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিশুটিৰ নাম ৰিজৱান চাহিদ লস্কৰ। তেওঁৰ ঘৰ শিলচৰত। তেওঁৰ বয়স ৫ বছৰ৷ ছচিয়েল মিডিয়াত এটি ভিডিও পোষ্ট কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ওচৰত পিতৃৰ হত্যাৰ ঘটনাৰ ন্যায় বিচাৰিলে৷ তেওঁৰ এই ভিডিও এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল।
টুইটাৰত পোষ্ট কৰা ভিডিওটোত ৰিজৱানৰ হাতত এখন প্লেকার্ড দেখা গৈছে। তাত লিখা আছে, ‘মোক বিচাৰ লাগে।’ শিশুটিয়ে কৈছে, ‘সুপ্রভাত আমাৰ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রী। মোৰ নাম ৰিজৱান ছাহিদ লস্কৰ। প্রিয় ছাৰ, মোৰ যেতিয়া তিনি মাহ বয়স হৈছিল, তেতিয়াই ২০১৬ চনৰ ২৬ ডিচেম্বৰত ১১ জন দুষ্কৃতিকাৰীয়ে মোৰ পিতৃক নৃশংসভাবে হত্যা কৰে। গোচৰ নম্বৰ ১২১/২০১৭। বৰ্তমান আমাৰ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীৰ ওচৰত মোৰ অনুৰোধ, দয়া কৰি এই বিষয়টি চাওক আৰু আমাৰ বিচাৰৰ ব্যৱস্থা কৰক। আপনালোকক বহুত ধন্যবাদ।’
ৰিজৱানৰ পৰিয়ালৰ লোকৰ অভিযোগ, তেওঁৰ পিতৃ চাহিদুল আলম লস্কৰ বালি মাফিয়াৰ হাতত হত্যা হৈছিল। কাৰণ তেওঁ ঠিকাদাৰ আছিল। তেওঁ বালি মাফিয়াসকলৰ বিষয়ে বহু গোপন কথা জানিছিল। তেওঁক যেতিয়া হত্যা কৰা হয়, তেতিয়া কাছাৰ আৰক্ষীয়ে ইচ্ছাকৃতভাবে দুষ্কৃতিকাৰীক গ্রেপ্তাৰ কৰা নাছিল। এই পর্যন্ত এজনো অভিযুক্ত ধৰা পৰা নাই। শিলচৰৰ তাৰাপুৰ থানাত ১১ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৰিজৱানৰ মাতৃয়ে। কিন্তু এই পর্যন্ত উক্ত গোচৰৰ বিশেষ কোনো অগ্রগতি হোৱা নাই। সেই কাৰণেই এইবাৰ ৰিজৱানে নিজে তেওঁৰ পিতৃ হত্যাৰ বিচাৰ দাবী কৰি পোনপটীয়াকৈ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীৰ দ্বাৰস্থ হৈছে।












