![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সোমবাৰে দিল্লীৰ যন্তৰ-মন্তৰ কঁপাব ৰাজ্যৰ প্ৰতিবাদকাৰীয়ে। বিশাল ধৰ্ণাত দিল্লীৰ পৰিৱেশ উত্তাল কৰিব অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তি আৰু নেচনেল ফ্ৰণ্ট অব ইণ্ডিয়ান ট্ৰেড ইউনিয়নে।
পুৱা ১১ বজাত সংসদ ভৱনৰ সমীপত ৭দফীয়া দাবীৰে সাব্যস্ত কৰিব এই ধৰ্ণা কাৰ্যসূচী।
বিশেষকৈ চাহ উদ্যোগ আৰু শ্ৰমিক, কয়লা খনি লিজত দিয়া বন্ধ কৰা, কাগজ কল মুকলি কৰা আদি দাবীৰে ৰূপায়ণ হ’ব ধৰ্ণা।













