ষ্টাফ ৰিপ’ৰ্টাৰ:
মাজনিশা গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত জোকাৰি গ’ল ভূমিকম্পই।অৱশ্য়ে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ কথা এতিয়াও পোহৰলৈ অহা নাই।
নিশা ১২.৫৪ বজাত অসমৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫। আনহাতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ শ্বিৰুই অঞ্চল।