নিউজ ডেস্কঃ
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰে শান্তি আলোচনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অমৃত শ্বাহে প্ৰদান কৰিছে বিশেষ কৰ্তৃত্ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। সংগঠনটোৰে শান্তি আলোচনাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আগবঢ়াই নিয়া দায়িত্ব অৰ্পণ কৰিছে।দেওবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী সাক্ষাৎ কৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ যে আলফা-চৰকাৰে শান্তি আলোচনা বিষয়ক লৈ চৰ্চাৰ চলি থকা মাজতে গৃহমন্ত্ৰীৰ বিশেষ দায়িত্ব অৰ্পনেৰে বহন কৰিছে বিশেষ তাপৰ্য।
গুৰুত্বপূৰ্ণ নৱগঠিত ৰাজ্য চৰকাৰ খনৰ সন্দৰ্ভত আলফা(স্বা) পৰাও কিছু সঁহাৰি থকা পৰিলক্ষিত হৈছে ।