![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দোকান দুখনৰ CC TV-ৰ তথ্য অনুসৰি যোৱা নিশাৰ ৩টা মান বজাত এনেদৰে চোৰে চলালে চাফাই অভিযান।
হোজাই শংকৰদেৱ নগৰ আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ নিলগত জোৰাপুখুৰীস্থিত লীলা হাৰ্ডওয়াৰ দোকানৰ লগত ৰীতা জুৱেলাৰী নামৰ দুখন দোকানত সংঘটিত হৈছে চুৰি কাৰ্য ।
দোকানৰ স্বত্বাধিকাৰী জয়বিলাস সাহৰ ভাষ্য অনুযায়ী নগদ দুই লাখ টকাৰ লগতে বহু সামগ্ৰী লুটপাট কৰাৰ লগতে ভাতৃ ৰামবিলাশ সাহৰ জুৱেলাৰী দোকানৰ পৰা নগদ ২৫ হাজাৰ টকা আৰু প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকা পৰিমাণৰ সোণৰ সামগ্ৰী লুটি নিয়ে।
এই পৰ্যন্ত দুখনকৈ দোকানত চুৰি কাণ্ডত লিপ্ত হোৱা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও
ঘটনা সন্দৰ্ভত শংকৰদেৱ নগৰ আৰক্ষীক খবৰ দিয়া হয় আৰু উক্ত চুৰি কাণ্ডৰ লগত জড়িত দুৰ্বৃত্তৰ দলটোৰ তদন্ত অব্যাহত ৰাখিছে শংকৰদেৱ নগৰ আৰক্ষী প্ৰশাসনে।












