![]()
অজন্তা তালুকদাৰ
বোকাখাত : অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ বিশিষ্ট ৰণুৱা, বোকাখাত সেউজী পাৰ নিবাসী গিৰীণ শৰ্মা আৰু নাই। ১৯ ছেপ্টেম্বৰত বোকাখাতৰ গড়মূৰত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা গিৰীণ শৰ্মা (৬৭), ভগ্নী ঘুণু দেৱী,কন্যা ৰিম্পী দেৱী, ভতিজাক নয়নমণি শৰ্মা আৰু নয়নমণি শৰ্মাৰ শিশু পুত্ৰ গুৰুতৰভাৱে আহত হয়। ৰিম্পীৰ বিয়াৰ দিন ঠিক কৰি, দেৰগাঁৱত বিয়াৰ নিমন্ত্ৰণ দি এ এচ ০৫ এন ৪৬৭৮ নম্বৰত নিজা বাহনেৰে ঘৰলৈ ঘৰলৈ ঘূৰি অহাৰ পথত গড়মূৰত পিছফালৰ পৰা অন্য গাড়ীয়ে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয়। তাৎক্ষণিকভাৱে আতাইকে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দি জে এম চি এইচলৈ প্ৰেৰণ কৰে যদিও গিৰীণ শৰ্মা আৰু ঘুণু দেৱীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। পৰীক্ষা-নিৰীক্ষাৰ নামত আবেলি ৪-০০ বজালৈকে কোনো চিকিৎসা নোপোৱা গিৰীণ শৰ্মাই অৱশেষত সন্ধ্যা ৬-০০ বজাত মৃত্যুক সাৱটি লয়।
উল্লেখ্য যে অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতণৰ বলিহৈ কাৰাবাস খাতিবলগা হৈছিল শৰ্মাই। মৃত্যুৰ সময়ত পত্নী,কন্যা, দুগৰাকী ভগ্নীক এৰিথৈ গৈছে। শৰ্মাৰ মৃত্যুত বোকাখাত গভীৰ শোকৰ ছাঁ পৰিছে। বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ লগতে বহু ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।













