![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পাঁচ শতাধিক ভূ-মাফিয়া গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তৱ্য। ‘দালালৰ তথ্য লাভৰ উৎস পৰা ৭০০ নাম পাইছোঁ। নামত পুঠী-খলিহনা আছে নে ডাঙৰ আছে তাক চোৱা কোনো চিষ্টেম নাম। কোনোবা ৰৌ-বৰালি নাম দিব খুজিলে দিয়ক, নিশ্চয় পুলিচে তদন্ত কৰিব’।
সোমাবাৰে নিশা ৰাজ্য ভিন্ন প্ৰান্তৰ অভিযানত দালাল গ্ৰেপ্তাৰ কৰাটো এটা কেৱল বাৰ্তাৰ বাবে, অন্য ধৰণৰ কথা নাই। ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ কাম আৰম্ভ হ’ব। পৰ্টেল বা আৱেদনৰ জৰিয়তে ৰাইজে মাটি সম্পৰ্কীয় যিকোনো উজৰ-আপত্তি আৱেদন কৰিব। ১০ মে’ৰ ভিতৰত সকলো কাম কৰি দিয়া হ’ব’- শৰ্মাই কয়। ২ অক্টোবৰ পৰা যাতে কোনো দালাল কাৰ্যালয়লৈ যাব নোৱাৰে তাৰ বাবে এইটো বাৰ্তা আছিল। দালালে এই বাৰ্তালৈ কাৰ্যালয়লৈ নগ’লে ভাল। মই কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নাই। মিছন বসুন্ধৰা সফল কৰাৰ বাবে প্ৰচেষ্টা’- লগতে কয়।
দালাল গ্ৰেপ্তাৰ থিয়েটাৰৰ পূৰ্বৰ নৃত্য -নাতিকা আখ্যা দি শৰ্মাই কয়- মিছন বসুন্ধৰা সফল কৰা প্ৰাক কাৰ্যপন্থা আছিল গ্ৰেপ্তাৰ। এতিয়া পৰা ভিডিঅ কনফাৰেন্সৰ যোগে মাটি ক্ৰয়-বিক্ৰী প্ৰমাণ দিব পাৰিব।













