![]()
বিশেষ প্ৰতিনিধিঃ
হোজাই আৰু লংকাৰ তিনিআলিত বিগত কিছুদিনৰ পূৰ্বে হৈছিল ATM লুট। উক্ত ঘটনাৰ লগত জড়িত দুই ATM চোৰক বহি:ৰাজ্যৰ পৰা আটক হোজাই আৰক্ষীৰ।
হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থৰ নেতৃত্বত লংকাৰ উদালী আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ আৰক্ষীৰ সহযোগত মহাৰাষ্ট্ৰৰ আমদাপুৰৰ পৰা আটক কৰে দুই ATM চোৰক।
দুই ATM চোৰৰ নাম ক্ৰমে কামৰুল গনি আৰু বিনোদ কুমাৰ। কামৰুল গনিৰ ঘৰ হোজাইৰ মোৰাঝাৰত আৰু বিনোদ কুমাৰৰ ঘৰ বহিঃৰাজ্য হাৰিয়ানাত।
বৰ্তমান দুয়ো চোৰক আদালতত হাজিৰ কৰি লংকা আৰক্ষীয়ে নিজৰ জীন্মাত লৈ জেৰা অব্যাহত ৰাখিছে।












