![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা আৱকাৰী বিভাগে বোকাখাত ৰাজহচক্ৰৰ অন্তৰ্গত লখৌজান, নিজৰাপাৰ, লখৌজান ভূঞাগাওঁ আৰু বৰচাপৰি কচুপথাৰ লাইনত অবিৰত অভিযান চলাই অবৈধ চুলাই মদ বনোৱা পাছ, অবৈধ চুলাই মদ আৰু বহু চুলাই মদ বনোৱা সঁজুলি বিগত সময়চোৱাত জব্দ কৰি নষ্ট কৰিছিল। বহু ঠাইত জব্দ কৰিছিল অবৈধ বিলাতী সুৰাৰ বটল। কিন্তু সাধাৰণ মানুহৰ মনত চিন্তা হৈছে অবৈধ সুৰাৰ ব্যৱসায় আৰু তৈয়াৰ কৰা কোনো লোকক আটক কৰিবলৈ সক্ষম নাই হোৱা আৱকাৰী বা পুলিচ প্ৰশাসন। যাৰ বাবে একে ঠাইতে দুই এদিনৰ মুৰে মুৰে বাৰে বাৰে অভিযান চলাই থাকি একেখিনি কামকে কৰি থাকিবলৈ বাধ্য হৈছে বিভাগ কেইটা।
আজি পুনৰ বোকাখাতৰ বিভিন্ন এলেকাত আৱকাৰী বিভাগৰ অভিযানত বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত লখৌজান, ভূঞা গাওঁ আৰু চাপৰি গাওঁত অভিযান চলাই ২৪০ লিটাৰ অবৈধ চুলাই মদ বনোৱা পাছ আৰু এটা চুলাই মদ বনোৱা সঁজুলি জব্দ কৰি নষ্ট কৰে। আবকাৰী আৰু পুলিচ বিভাগক অধিক তৎপৰ হবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজে।













