ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এইবাৰ কোনো সাধাৰণ লোক নহয় ভগৱান শ্ৰীকৃষ্ণৰ ভক্তসকলৰ পৰা অসৎ উপায়েৰে ধন সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে একাংশ প্ৰতাৰক ৷ যোৱা শুকুৰবাৰে ডিফু ৰংথিয়াংস্থিত ইস্কন মন্দিৰৰ একাংশ দৰিদ্ৰ ভক্তৰ পৰা চাকৰি দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰা ধনৰ অভিযোগত এটা প্ৰতাৰক ৰঙা ঘৰৰ আলহী হোৱা ঘটনা পোহৰলৈ আহিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি যোৱা ২২ ছেপ্তেম্বৰত ডিফু ৰংথিয়াংস্থিত ইস্ক’ন মন্দিৰত এজন অচিনাক্ত লোক হঠাত মন্দিৰটোত আভিৰ্ভাৱ হৈ মন্দিৰটোৰ প্ৰভু জিকেম টেৰাঙক কয় যে তেওঁ প্ৰকাশ দাস আৰু ৰে’লৱে ডিপাৰ্টমেণ্টৰ ভিজিলেন্সৰ এগৰাকী উচ্চ পদস্থ বিষয়া আৰু ইস্ক’নৰ আজীৱন সদস্য ৷ সেয়ে ইস্ক’নৰ দুখীয়া দৰিদ্ৰ সদস্যসকলক এছ.টি. কোটাত ৰে’লৱেৰ চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ সুবিধা তেওঁৰ হাতত আছে ৷ প্ৰতিটো ইস্ক’ন মন্দিৰৰ পৰা ৫ জনকৈ সদস্যক তেনে চাকৰি দিয়া হ’ব আৰু চাকৰি পঞ্জীয়নৰ বাবে জনে প্ৰতি তিনিহাজাৰ টকাকৈ পাঁচজনৰ পৰা মুঠ ১৫ হাজাৰ টকা সংগ্ৰহ কৰিবলৈ কয় লোকজনে ৷ সেইমতে প্ৰভু জিকেম টেৰাঙে ইস্কন মন্দিৰৰ ৫ জন সদস্যক এই কথা অৱগত কৰে ৷
ইয়াৰ পিছত ৫ সদস্যই মুঠ ১৫ হাজাৰ টকা লোকজনক আদায় দিয়ে ৷ তাৰ পিছৰ পৰাই লোকজন অন্তৰ্ধান হৈ পৰে ৷ ইস্কনৰ ভুক্তভোগী সদস্যসকলে প্ৰতাৰকটোক বিছাৰি ৰে’ল ষ্টেচনত খবৰ কৰি লোকজনৰ একো অস্থিত্বৰ কথা গম নাপালে ৷
পিছত লোকজনক ডিফু টাউনত ঘুৰি থকা দেখা পাই কালি হৰিলালবস্তি ভিডিপিৰ হতুৱাই লোকজনক কৰায়ত্ব কৰি ডিফু থানাত চমজাই দিয়ে ৷ এই সন্দৰ্ভত ইস্কন মন্দিৰটোৰ প্ৰভু জিকেম টেৰাঙৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৪০৬/৪২০ ধাৰাত ডিফু থানাত ২৭৮/২০৭১ নম্বৰত এক গোছৰ ৰুজো দি লোক জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সোধ পোছৰ অন্তত লোকজন কামৰূপ (মেট্ৰ’ৰ) মালিগাওঁস্থিত পাণ্ডু চাৰি নং ফেৰীঘাটৰ সুবোধ সেনৰ পুত্ৰ পাৰ্থ সেন বুলি জানিব পৰা গৈছে ৷