ষ্টাফ ৰিপ’ৰ্টাৰ
‘যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰক বুলি একাংশই হুলস্থুল কৰি থাকিব তেতিয়া গম পাব যে ইয়াত গণ্ডগোল সোমাই আছে’- সৰ্বানন্দ সোণোৱালৰ দিনত অনুষ্ঠিত হোৱা এপিডিচিএল পৰীক্ষা কেলেংকাৰী তথ্য পোহৰলৈ অহাৰ পাছতে এই মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই কেলেংকাৰী যথেষ্ঠ তথ্য ভিত্তিত ১০জন গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা প্ৰমাণ হৈছে এপিডিচিএলৰ প্ৰাৰ্থীসকলৰ সৈতে গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলে সঘনাই টেলিফোনত যোগাযোগ কৰিছিল। এজন ব্যক্তি ঘৰৰ পৰা উত্তৰ চিট (OMR) আৰু প্ৰশ্নকাকত জব্দ হৈছে। ফলাফল পুনপৰীক্ষণৰ বাবে গুৱাহাটীৰ বিশ্ববিদ্যালয়ক দিয়া হৈছিল। কিন্তু এপিডিচিএলে যিটোৰ এজেঞ্চিক ব্যৱহাৰ কৰিছিল পুনৰ একেটাকে ব্যৱহাৰ কৰিছিল। ২৭৮জন প্ৰাৰ্থী লগত ব্যক্তিসকল যোগাযোগত আছিল। তাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে- শৰ্মাই কয়।
আনহাতে, এপিডিচিএলৰ বোৰ্ডক অনুষ্ঠিত যোৱা পৰীক্ষাৰ বাতিল কৰি পুনৰ নতুনকৈ অনুষ্ঠিত কৰা পৰামৰ্শ মুখ্যমন্ত্ৰী। প্ৰায় ১৬০০পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।
‘অসমত এনেধৰণৰ কেলেংকাৰী আৰু বহুত আছে। অহা এমাহত আৰু বহুত দেখিবলৈ পাব। ছমাহৰ ভিতৰত সকলো ঠিক কৰাৰ লক্ষ। কাৰণ ১লাখ নিযুক্তিত খেলিমেলি নহয়’- শৰ্মাই কয়।
আনহাতে, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- দায়িত্বসহকাৰে কাম কৰক।এই চৰকাৰৰ দিনত বেয়া কাম ছোৱা কাৰোৰে ইচ্ছা নাই।