নিউজ ডেস্কঃ
দৰ্শকক আকৰ্ষণ কৰিবলৈ আৰু ভিউ বঢ়াবলৈ এইবাৰ পৰিকল্পনা মহাকাশত কৰিব পর্ন ছবিৰ শ্বুটিং! ইয়াৰ বাবে আকৌ ইলন মাস্কৰ স্পেচ এক্স ৰকেটৰ সহায় লোৱা হ’ব বুলিও খবৰ।
যিটো কোম্পানীয়ে এই অভিনৱ পৰিকল্পনা কৰিছে তেওঁলোকৰ দাবী, পর্ন ছবিক নতুন উচ্চতালৈ লৈ যাবলৈয়েই এই পদক্ষেপ। সেই কাৰণেই তেওঁলোকে শ্বুটিঙৰ বাবে মহাকাশক বাছি লৈছে। লেক্সি লুনা নামক এগৰাকী অভিনেত্রীক এই ‘মিছন’ৰ বাবে ইতিমধ্যে নিৰ্বাচনো কৰা হৈছে। লেক্সিৰ বাবে ইতিমধ্যেই তেওঁলোকে টিকটৰ ব্যৱস্থা কৰা আৰম্ভ কৰি দিছে।
এগৰাকী পর্ন অভিনেতাৰ লগতে কোম্পানীটোৰ এম্বেচাডৰো লেক্সি। কোম্পানীটোৱে জনাইছে, মহাকাশলৈ যোৱাৰ বহু দিনৰ ইচ্ছা আছিল লেক্সিৰ। সেয়ে এই সুযোগৰ তেওঁ সদ্ব্যৱহাৰ কৰিব। লেক্সিৰ স্বপ্নও পূর্ণ হ’ব আৰু তেওঁৰ দ্বাৰা তাত পর্ন ছবিৰো শ্বুটিং হ’ব।