ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কাৰবি আংলঙৰ ৬ বিদ্ৰোহী সংগঠনৰে সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এটাকৈ এটাকৈ ৫টা উগ্ৰপন্থী সংগঠন আনুষ্ঠানিকভাবে ভংগ কৰি সাধাৰণ জীৱন-যাপনৰ পথ বাছি লোৱাৰ পিছত শনিবাৰে ডিফুৰ ডিফু ক্লাবত আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিছিল ৷ লগতে অন্ত পৰে দীৰ্ঘ দিনীয়া সশস্ত্ৰ সংগ্ৰামৰ ৷ ভংগ হয় কাৰ্বি লংৰি-নৰ্থ কাছাৰ হিলচ লিবাৰেচন ফ্ৰণ্ট চমুকৈ KLNLF । সংগঠনটোৰ অধ্যক্ষ পি দিলীয়ে পতাকা উত্তোলন আৰু সাধাৰণ সচিব থং টেৰণে কৰা শ্বহীদ তৰ্পনৰ পিছত শীৰ্ষ নেতা-কেডাৰৰ উপস্থিতিত আজি ডিফু ক্লাৱত পি দিলীৰ অধ্যক্ষতাত অনুস্থিত হয় সংঠনটোৰ অন্তিমখন সভা। প্ৰতিগৰাকী শীৰ্ষ নেতা-কেডাৰক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷ ২০০৪ চনৰ ৪ মে’ত জন্ম গ্ৰহণ কৰি সশস্ত্ৰ পন্থা অৱলম্বন কৰা KNLF-এ অস্ত্ৰ সম্বৰণ কৰে ২০১০ৰ ১১ ফ্ৰেব্ৰুৱাৰীত। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত কেইবালানিও আলোচনাৰ পৰিপ্ৰেক্ষিত্বত মুঠ ৪১২ কেডাৰেৰে পৰিবেষ্টিত হৈ থকা KNLF বৰ্তমান ২৮৫ KNLFৰ নেতা-কেডাৰে যোৱা ৪ চেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগত অন্য ৫টা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে যুতিয়াভাৱে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰে।
উল্লেখযোগ্য যে, ১৯৯৪ চনত পি দিলীৰ নেতৃত্বত গঠন হৈছিল কাৰবি নেছনেল ভল্যুণটিয়েৰ চমুকৈ KNV, ক্ৰমান্বয়ে একে বৰ্ষতে প্ৰদীপ ৰংপিৰ নেতৃত্বত কাৰবি পিপুল ফ্ৰণ্ট চমুকৈ KPF গঠন হোৱাৰ পিছত ইউনাইটেড পিপুল ডেমক্ৰেটিক চলিডাৰিট্ চমুকৈ UPDS নামৰ উগ্ৰপন্থী সংগঠন ৷ ইয়াৰ মাজতে UPDSৰ দুটা গোটৰ সৃষ্টি হয় আলোচনা পন্থী আৰু আলোচনা বিৰোধী ৷
পৰৱৰ্তী সময়ত পুণৰ পি দিলীৰ নেত়ৃত্বত গঠন হয় KNLF নামৰ সহস্ৰ সংগঠন ৷ আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএলএনএলএফৰ সচিব থং টেৰণে কয়়ে, শান্তি চুক্তিৰ চৰ্ত অনুসৰিয়ে আজি সংগঠনটো আনুষ্ঠানিকভাবে ভংগ ঘোষণা কৰা হয় ৷ এতিয়াৰে পৰা সংগঠনটোৰ সকলো নেতা-কেডাৰে সাধাৰণ জীৱন-যাপন কৰাৰ লগতে ৰাজনীতিতো অংশগ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে ৷ আজিৰ সভাত সংগঠনটো অধ্যক্ষ পি. দিলীৰ লগতে প্ৰচাৰ সচিব ৰেজাক দেৰা, সচিব, থং টেৰণ, গৃহ সচিব হাবে টকবি, সেনাধ্যক্ষ চংজা তিমুঙ, ৷ সমল ব্যক্তি ধনীৰাম টিচ, বিশিষ্ট লেখক-সাংবাদিক বৰচিং ৰংফাৰ উপস্থিত থাকে ৷