ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা চুক্তিখনৰ বিৰোধিতাৰে জিলাখনৰ পৰিস্থিতি উত্তাল কৰি অহাৰ সময়তে আজি সন্ধিয়া ডিফু চহৰত APHLCৰ এক জোৰ সমদলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
আজি সন্ধিয়া অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ APHLCৰ সভাপতি জন ইংতি কাথাৰৰ নেতৃত্বত ডিফু-লামডিং পথৰ ছয় কিলোমিটাৰত চুক্তিৰ বিৰোধিতা কৰি এক জোৰ সমদল উলিওৱা হয়। আৰক্ষীয়ে উক্ত সমদলত বাধা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে । সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰা কাৰ্যক গৰিহণা দি সভাপতি জন ইংতি কাথাৰে ১৫০০ কোটি টকাত দিল্লীৰ হাতত কাৰ্বি আংলঙক বিক্ৰী কৰা বুলি ক্ষোভ প্ৰকাশ কৰে । আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকল ক্ৰমে ৰবীনচন ইংতি, বিদৰছিং ৰংপি, ৰোহিত তিমুং, লিপচন ইংতি, দিলীপ ৰংফাৰ, সঞ্জয় ক্ৰামছা আৰু ৰংবং তেৰাং বুলি জানিব পৰা গৈছে ।