![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিজেপি প্ৰাৰ্থীগৰাকীৰ বিপৰীতে বিৰোধীয়ে প্ৰক্ষেপ নকৰিলে প্ৰাৰ্থী। ফলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় সোণোৱাল। সোমবাৰে নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ পৰা সোণোৱালে গ্রহণ কৰে জয়ৰ প্ৰমাণ পত্ৰ।
উল্লেখ্য যে, ৪ অক্টোবৰত আছিল ৰাজ্য এখন আসনৰ বাবে নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰা হৈছিল।
ইফালে, সোণোৱালক জয়ৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, বিজেপি সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াই সংগ দিয়ে।













