![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিলে মাজুলী বিধায়কৰ পদ। মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ বিশ্বজিৎ দৈমাৰীলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
উল্লেখ্য যে ভাৰতীয় নিৰ্বাচনী আয়োগে ইতিমধ্যে ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ৩০ অক্টোবৰ তাৰিখে ৰাজ্য ৫ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। সোণোৱালৰ পদত্যাগে উপ-নির্বাচনৰ সমষ্টিৰ সংখ্যা ৬টালৈ বৃদ্ধি কৰিব।













