![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১ অক্টোবৰত জাৰি হ’ব নিৰ্বাচনীৰ অধিসূচনা।
ইফালে ৮ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ১১ অক্টোবৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ১৬ অক্টোবৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ২ নৱেম্বৰত ঘোষণা হ’ব ফলাফল।
উল্লেখ্য যে গোসাইগাঁও, ভৱানীপুৰ, তামোলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।













